ডিজিটেল ডেস্কঃ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম গৌৰৱ নয়নমণি শইকীয়ালৈ DSPৰ চাকৰিৰ লগতে ৫০ লাখ টকা প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ। লাভলীনা, হিমাৰ পিছত এইবাৰ অসম আৰক্ষীৰ DSP হ’ব কমনবেল্থত স্বৰ্ণ জয় কৰা নয়নমণি শইকীয়া। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। লগতে বন বিভাগৰ উপ-অধিনায়ক পদৰো প্ৰস্তাৱ খেলুৱৈগৰাকীক।
উল্লেখ্য যে, ইতিহাস ৰচি কমনৱেল্থ গেমছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল অসম কন্যা নয়নমনি শইকীয়াই। ভাৰতীয় দলত অংশ লোৱা অসমৰ খেলুৱৈ নয়নমনি শইকীয়াই বাৰ্মিংহামৰ পৰা অসমবাসীক দিছিল কমনৱেলথ গেমছত প্ৰথমটো সোণৰ পদকৰ সোৱাদ। ৩ ছেপ্টেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত নয়নমণি শইকীয়াক প্ৰদান কৰা হ’ব এই উপহাৰ।