ৰাজ্যৰ নিবনুৱালৈ সুখবৰ ৰাজ্যিক কেবিনেটে বৈঠকত চাকৰিৰ সিদ্ধান্ত

Share

সুস্মিতা বৰা
গুৱাহাটী,২৯ জুলাই: ১ লাখ নিবনুৱাক চাকৰি প্ৰদান‌ কৰা প্ৰ‌ক্ৰিয়া আৰম্ভ হৈছে,ৰাজ্যত আৰক্ষী আয়োগ গঠনত অনুমোদন কেবিনেটৰ।১ ছেপ্টেম্বৰ ৰ পৰা আৰম্ভ হ’ব চাকৰি নিযুক্তি প্ৰ‌ক্ৰিয়া। অসম আৰক্ষীত প্ৰথমে হ’ব চাকৰিৰ প্ৰ‌ক্ৰিয়া এই কথা ঘোষণা কৰে ৰাজ্যিক কেবিনেটত।এই ৰাজ্যিক কেবিনেটেত ঘোষণা কৰা হৈ যে- অসম আৰক্ষীৰ ব্যৱস্থা আগতকৈ শ‌ক্তিশালী কৰা হ’ব। ইয়াৰ‌বাবে গঠন‌ কৰা হ’ব পুলিচ কমিছন, অতি শীঘ্ৰেই নিযুক্তি দিয়া হ’ব ১৫,০০০ আৰক্ষীক,গঠন কৰা হ’ব ৫ টা নতুন বেটেলিয়ন। তাৰোপৰি অলিম্পিকত মেডেল পোৱা সকলৰ বাবে GRADE 1 চাকৰি প্ৰদান, আৰু ক্ৰীড়া পেঞ্চন ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *