ডিজিটেল ডেস্কঃ তামিলনাডুৰ মন্দিৰত নিৰ্মম অত্যাচাৰৰ বলি হোৱা অসমৰ হাতী জয়মালাক ওভতাই আনিবলৈ আজি তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ এটা দল। অসমৰ জয়মালা নামৰ হাতীটোক মাউতে কৰা অত্যাচাৰৰ ফলত মৃত্যুৰ ক্ষণ গণিছে। ২০০৮ চনতে কাকপথাৰৰ পৰা জয়মালাক ৩ মাহৰ বাবে নিছিল যদিও ১৩ বছৰে বন্দী কৰি নিতৌ অত্যাচাৰ চলাই আছে জয়মালাৰ ওপৰত। জয়মালাক আন ৯টা হাতীকো ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে।
জয়মালাক আনিবলৈ তামিলনাডুলৈ যাব অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক শ্ৰীহৃদেশ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ কুশল কুমাৰ শৰ্মা, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু তিনিচুকীয়াৰ জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতি।