তৃষ্ণা দাস
গুৱাহাটী ২৪ জুলাই: উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ’) অসমৰ বানপানীৰ সন্দৰ্ভত এক যুটীয়া অধ্যয়ন চলাই ৫০০০, বৰ্গ কিলোমিটাৰৰো অধিক আৰ্দ্ৰভূমি চিনাক্ত কৰিছে। ৰাজ্যখনৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত পানীভাগ বোৱাই নিয়াৰ কামত এই আৰ্দ্ৰভূমি ব্যৱহাৰ কৰিব পৰা যাব – মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।