অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন প্ৰবাসী অসমীয়া। মেক্সিকোত অনুষ্ঠিত হোৱা আইৰণ মেন প্ৰতিযোগিতাত বিশ্বৰ ৫০ খন দেশৰ ২,৭৪৩ গৰাকী প্ৰতিযোগিৰ লগতে আমেৰিকা নিবাসী অসম সন্তান উজ্জ্বল বৰুৱা এই প্ৰতিযোগিতাত ভাগ লয়। বিভিন্ন দেশৰ খেলুৱৈৰ মাজত উজলিল শিৱসাগৰত জন্ম গ্ৰহণ কৰা প্ৰৱাসী অসম সন্তান উজ্জ্বল বৰুৱা। প্ৰতিযোগিতাত প্ৰথমে সাগৰ সাতুৰ তাৰ পিছত চাইক্লিং আৰু দৌৰ প্ৰতিযোগিতা হৈছিল। এই প্ৰতিযোগিতাত অসমৰ প্ৰতিভাশালী উজ্জ্বল বৰুৱাই সাগৰত ১ ঘন্টা ১৩ মিনিট সাঁতুৰি অতিক্ৰম কৰিছিল ৩.৯ কিলোমিটাৰ দূৰত্ব। ইয়াৰ পিছত ৬ ঘন্টা ৩১ মিনিটত ১৮০ কিলোমিটাৰ দূৰত্ব চাইক্লেিং কৰাৰ পিছত ৫ ঘন্টা ৪৫ মিনিট ২ ছেকেণ্ড সময়ত ৪২ কিলোমিটাৰ দৌৰিছিল উজ্জ্বল বৰুৱাই। মুঠ ১৩ ঘন্টা ৫৭ মিনিট সকলো কেইটা প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি বিশ্বৰ ভিতৰতে প্ৰথম স্থান আইৰণ মেনৰ খিতাপ অৰ্জন কৰিলে উজ্জ্বল বৰুৱাই।উত্তৰ-পূৰ্ৱঞ্চলৰ প্ৰথম গৰাকী অৰ্জন বটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ ভতিজা হ’ল উজ্জ্বল বৰুৱা।