অসমৰ অৰ্থনৈতিক সমীক্ষা-২০২০-২১: হ্ৰাস পাইছে কৃষিভূমি, হ্ৰাস মুঠ উৎপাদন

Share

মাধুৰীমা ৰায়

গুৱাহাটী, ২৬ জুলাই: কৃষি মানুহৰ প্ৰধান জীৱিকা। কাৰণ যিমান ধৰণৰ জীৱিকাই নাথাকক কিয়, কৃষি অৱিহনে মানৱ সমাজে খাদ্যৰ কথা ভাৱিব নোৱাৰে। কৃষি প্ৰধান ৰাজ্য হিচাপে অসমৰ ৭০ শতাংশ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ সৈতে জড়িত যদিও ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনলৈ কৃষি আৰু আনুষংগিক খণ্ডৰ অৰিহণা ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে। অসমৰ শেহতীয়া অৰ্থনৈতিক সমীক্ষা ২০২০-২১ মতে চলিত মূল্যৰ ভিত্তিত ২০১১-১২ বৰ্ষত এই পৰিমাণ আছিল ১৯.৮৯ শতাংশ। ২০১৯-২০ বৰ্ষত এই পৰিমাণ হ্ৰাস পালে ১৫.৬৪ শতাংশ। কৃষি আৰু আনুষংগিক খণ্ডৰ অন্তৰ্গত আটাইকেইটা ক্ষেত্রৰে( শস্য, পশুপালন, বনানীকৰণ )অৰিহণা হ্ৰাস পাই আহিছে। মীন পালনৰ ক্ষেত্রত মাত্র অতি সামান্য পৰিমাণে অৰিহণা বৃদ্ধি হৈছে। কেইদিনমান পূৰ্ৱে প্ৰকাশিত অৰ্থনৈতিক সমীক্ষাত ইয়াৰ আঁৰৰ কাৰক বাখ্যা কৰি কোৱা হৈছে- গৰাখহনীয়া-ভূমিৰ খহনীয়া, নগৰীকৰণৰ বাবে কৃষিভূমিৰ পৰিৱৰ্তন, উদ্যোগিকৰণ, বিভিন্ন ধৰণৰ আঁন্ত:গাঠনিমূলক কামৰ বাবেই কৃষি আৰু আনুষংগিক খণ্ডৰ অৰিহণা হ্ৰাস পাৱলৈ ধৰিছে। ২০১১-১২ বৰ্ষত অটাইকেইবিধ শস্যৰ খেতি কৰা মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ২৭.৪৩ লাখ হেক্টৰ। ২০১৯-২০ বৰ্ষত ভূমিৰ পৰিমাণ হ্ৰাস পালে ২৫.৯৮ লাখ হেক্টৰলৈ। ৰাজ্যত আটাইকেইবিধ ধানৰ মুঠ উৎপাদন বাঢ়িছে যদিও আটাইকেইবিধ খাদ্য শস্যৰ পৰিমাণলৈ লক্ষ্য কৰিলে দেখা যায় যে ২০১৮-১৯ বৰ্ষত এই পৰিমাণ আছিল ৫৬.৮৩ লাখ টন। ২০১৯-২০ ত ই হ্ৰাস পাই হ’ল হি ৫৪.৬৭ লাখ টন। ধান খেতি কৰা মাটিৰ পৰিমাণলৈ চালে দেখা যায় যে আহু খেতি কৰা মাটিৰ পৰিমাণ ২০১১-১২ বৰ্ষৰ ২.৭৬ লাখ হেক্টৰৰপৰা ২০১৯-২০ বৰ্ষত ১.২৭ লাখ হেক্টৰলৈ হ্ৰাস পাইছে। শালি খেতি কৰা মাটিৰ পৰিমাণ ২০১১-১২ বৰ্ষত আছিল ১৮.৭৬ লাখ হেক্টৰ। ২০১৯-২০ বৰ্ষত এই পৰিমাণ ১৮.৭৮ লাখ হেক্টৰলৈকে বৃদ্ধি পাইছে। উল্লেখ্য যে ২০১৬-১৭ বৰ্ষত শালি খেতি কৰা মাটিৰ পৰিমাণ আছিল ১৮.৯১ লাখ হেক্টৰ। সেই হিচাপত ভূমিৰ পৰিমাণ ২০১৯-২০ ত হ্ৰাস পাইছে। এখন উন্নয়নশীল দেশৰ বাবে কৃষিৰ গুৰুত্ব অতি দৰকাৰী দিশ। ইয়াৰ উন্নয়ন হলেহে দেশৰ উন্নয়ন হব।

Leave a Reply

Your email address will not be published. Required fields are marked *