অসম যুৱ পৰিষদৰ উদ্যোগত ন-ভুঁই ৰোপন কাৰ্য্যসূচী

Share

কবিতা দেৱী

অসম যুৱ পৰিষদৰ লক্ষ্য “কৃষিক বৃত্তি হিচাপে যুৱ প্ৰজন্মৰ মাজত চিনাকি কৰোৱাৰ, কৃষিৰে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰোৱাৰ, পথাৰ আৰু বজাৰ দখল কৰাৰ”সেই উদ্দেশ্যৰেই কালি অসম যুৱ পৰিষদে হোজাই জিলাৰ কাঁকীত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দাদুল বৰাৰ খেতিডৰাত ন-ভুঁই ৰোপন কাৰ্য্যসুচী ৰূপায়ন কৰে। পথাৰ আৰু বজাৰ দখলৰ আখৰাৰে যুৱপ্ৰজন্মৰ মাজত কৃষিক লাভজনক বৃত্তি হিচাপে পৰিচয় কৰোৱাৰ আমাৰ এই প্ৰচেষ্টা, অনাগত দিনবোৰতো এনেধৰণেই প্ৰচেষ্টা চলি থাকিব বুলি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাইয়ে জানিব দিয়ে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোঁহাই, হৃষিকেশ শৰ্মা, কস্তুৰী চুতীয়া, ভাৰ্গব শৰ্মাকে ধৰি আন আন বিষয়ববীয়া সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *