আজিৰে পৰা আৰম্ভ হ’ব এছিয়া কাপ 

Share
নিউজ ডেস্কঃ আজিৰে পৰা আৰম্ভ হ’ব  এছিয়া কাপ। সংযুক্ত আৰব আমিৰাটত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা। আজিৰ এই উদ্বোধনী মেচখনত  প্ৰতিদ্বন্দিতা আগবঢ়াব আফগানিস্তান আৰু শ্ৰী লংকাই। প্ৰতিযোগিতাখনত সৰ্বমুঠ ১৩ খন মেচ অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে এইবাৰৰ প্ৰতিযোগিতাখনত মুঠ ছটা দলে অংশগ্ৰহণ কৰিব। সেই ছটা দলক দুটা ভাগত ভাগ কৰা হৈছে। অহা ২৮ আগষ্টত ভাৰত আৰু পাকিস্তানৰ মাজত এই খেলখন অনুষ্ঠিত হ’ব। ছটা দলে ১৬ দিনত মুঠ ১৩ খন খেল খেলিব আৰু অহা ১১ ছেপ্টেম্বৰত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *