গুৱাহাটী,৮ এপ্রিলঃ পদূলিমুখত হেপাঁহৰ ৰঙালী ।প্রকৃতিৰ বিনন্দীয়া সৃষ্টিৰ অপূৰ্ব ৰূপৰ সম্ভাৰ লৈ ধৰাৰ বুকুলৈ নামি আহিল ঋতুৰাজ বসন্ত । ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে আকৌ আহিল অসমীয়াৰ স্বাভিমান বাপতিসাহোন ৰঙালী বিহু ।ইতিমধ্যে ,ঢোল – পেপাঁৰ ধ্বনিত গুঞ্জৰিত হৈছে চৌদিশ ।কুলি-কেতেকীৰ মৌ বৰষা মিঠা মাতৰ লগতে ঢুলীয়া নাচনিৰ ঢোলৰ চেও, জাউৰীয়ে জাউৰীয়ে বিহুনামৰ আখৰাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অসম । যিহেতু হেপাঁহৰ ৰঙালী বিহুটিলৈ মাজত মাথো কেইটামান দিন বাকী ।
ওজনি পৰা নামনিলৈকে সকলোতে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্রস্তুতি চলিছে ।আৰু এনে এক উখল -মাখল পৰিবেশৰ মাজতে মঞ্চত বিহু পৰিৱেশনৰ বাবে ককাঁলত টঙালি বান্ধিছে শিল্পীসকলে । প্রায় দুটা বছৰৰ অন্তত পুনৰ পূৰ্ণগতিত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে অসমৰ শিল্পীসকল।কিন্তু ৰাজ্যৰ বজাৰত আকাশলংঘী মূল্যবৃদ্ধিৰ সমানে সমানে এইবাৰ শিল্পীসকলে ধাৰ্য কৰা বাজেটতো আকাশলংঘী মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ,’ বেনাৰ ‘ আৰ্টিষ্টসকলে ধাৰ্য কৰা বাজেটত মূল্যৰ পৰিমাণ বৰ্ধিত হোৱা পৰিলক্ষিত হৈছে ।
এইবাৰ বিহুমঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে শিল্পীসকলৰ ধনৰ পৰিমাণ এনেধৰণৰ —জুবিন গাৰ্গ -প্রায় ৮-১০ লাখ টকা, অংগৰাগ পাপন মহন্ত ৮-১০ লাখ টকা , নীলআকাশ ৪-৫ লাখ টকা , কুসুম কৈলাশ ৩ – ৩.৫০ লাখ টকা ,আচুৰ্য বৰপাত্রগোঁহাই ৩.৫০ – ৪.৫০ লাখ টকা , ভৃগু কাশ্যপ ৩.৫০ – ৪.৫০ লাখ টকা , মন্টুমণি শইকীয়া ২.৫০ – ৩ লাখ টকা ,বিপিন চাউদাং ২-৩ লাখ টকা ,প্রিয়ংকা ভৰালী ২.৫০ – ৩ লাখ টকা , সুবাসনা দত্ত ২-৩ লাখ টকা ,দীপলীনা ডেকা ২.৫০ -৩ লাখ টকা ।শিল্পীসকলৰ এনে বৰ্ধিত মামনিৰ পৰিমাণ দেখি চিন্তিত হৈ পৰিছে একাংশ বিহু সমিতিসমূহে ।বিগত দুটা বছৰে কভিডকালীন পৰিৱেশে অৰ্থসংকট কঢ়িয়াই অনা বিভিন্ন বিহু সমিতিসমূহ এতিয়া মহাবিপাঙত পৰিছে । কিয়নো এফালে শিল্পীসকলৰ এনে বৰ্ধিত মাননি আৰু আনফালে চান্দা অবিহনে অনুষ্ঠিত এইবাৰৰ বিহু । যাৰ পৰিপেক্ষিতত এতিয়া উদ্ধিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে সমিতিসমূহ।