গুৱাহাটী,৮ নৱেম্বৰঃ
অহা বছৰ গোৱাত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে মৌক্সিবাসীক সম্বোধন কৰি কয় যে তেওঁ ছয়মাহৰ ভিতৰতে ভূমিৰ মালিকীস্বত্ব তাৰ প্ৰকৃত মালিকক প্ৰদান কৰিব । কাৰণ এজন বিধায়কে তেওঁৰ অধিকাৰ পালে এজন সাধাৰণ লোকক তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰাটো উচিত নহয় বুলি তেওঁ কয় ।
লগতে তেওঁ কয় যে, ” পূৰ্বতে দিল্লীত চৰকাৰী স্কুলসমূহৰ অৱস্থা বৰ বেয়া আছিল, শিক্ষকৰ অভাৱ আছিল, আন্তঃগাঁথনি উন্নত নাছিল । কিন্তু আমাৰ চৰকাৰে বহু চৰকাৰী স্কুল প্ৰতিষ্ঠা কৰিছে আৰু অভিভাৱকসকলেও তেওঁলোকৰ ল’ৰা-ছোৱালীক ব্যক্তিগত খণ্ডৰ স্কুলসমূহৰ পৰা আনি চৰকাৰী স্কুলত নামভৰ্তি কৰাইছে । আৰু এই চৰকাৰী স্কুলসমূহে ভাল ফলাফলো দেখুৱাই আছে । আমি প্ৰতিশ্ৰুতি দিছো যে যদি মই ক্ষমতালৈ আহো আমি গোৱাৰ প্ৰতিখন গাঁওতে উন্নতমানৰ স্কুল খুলিম ।