জনতাৰ বাবে এক বৃহৎ ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । দিল্লীত সম্পূৰ্ণৰূপে বিদ্যুতৰ মাচুল বিনামূলীয়া কৰা হ’ব এই ঘোষণা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল চৰকাৰৰ। দিল্লীত বসবাস কৰা জনতাই পৰিশোধ কৰিব নালাগে বিদ্যুতৰ মাচুল ৷ অতি শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱাল চৰকাৰে। ঘৰত ছ’লাৰ পেনেল লগালেও এটকাও দিব নালাগে বিদ্যুতৰ মাচুল। অৰবিন্দ কেজৰিৱালে পুনৰ এইবাৰ এখন লৈ আহিছে নতুন সৌৰ আঁচনি। এই সৌৰ আঁচনিৰ জৰিয়তে দিল্লীত বসবাস কৰা সকলো লোকেই লাভ কৰিব বিদ্যুতৰ সুবিধা। দূহেজাৰ ইউনিট ব্যৱহাৰ কৰিলেও বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নালাগে জনতাই। ৮০০,৯০০ ইউনিট ব্যৱহাৰ কৰিলেও শূন্যলৈ আনিব বুলি ঘোষণায়মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। এই সৌৰ আঁচনিৰ জৰিয়তে দিল্লীবাসীয়ে আয় কৰিব পাৰিব ৭০০ টকাৰ পৰা ৯০০ টকালৈ।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই ঘোষণাই এতিয়া লৈ আহিছে জনতালৈ আশাৰ বতৰা। অতি সোনকালে এই ব্যৱস্থা ৰুপায়ন কৰিব বুলি এক সংবাদমেলত সদৰি কৰে অৰবিন্দ কেজৰিৱালে।