চুবুৰীয়া ৰাজ্য মেঘালয়ত পাহাৰ কটা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিৰ কাষ চাপিছে অসম চৰকাৰ।গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্য চৰকাৰে চুবুৰীয়া মেঘালয়ৰ পাহাৰ কটাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাপ্ৰাপ্ত কমিটিৰ কাষ চাপিছে।পাহাৰ কটাৰ ফলস্বৰুপে গুৱাহাটীত পুনৰবাৰ পানী জমা হোৱাৰ এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীয়ে।গোলাঘাট জিলাৰ দেৰগাঁৱত এখন সংবাদমেল সম্বোধন কৰি কয় যে,যদি মেঘালয়ত পাহাৰ কটা অব্যাহত থাকে তেন্তে গুৱাহাটী এখন মহাসাগৰত পৰিণত হ’ব।তেওঁ কয় গুৱাহাটী হওক বা আন ডাঙৰ চহৰেই হওক,কৃত্ৰিম বান সম্পূৰ্ণৰূপে ৰোধ কৰাৰ কোনো উপায় নাই।প্ৰতিবছৰে আমি অধিক খালী প্লটত মাটি ভৰাই অট্টালিকা নিৰ্মাণ কৰো।
গুৱাহাটীত পানী জমা হোৱাৰ বাবে কাষৰীয়া মেঘালয়ত পাহাৰ কটা কাৰ্যক দোষাৰোপ কৰে মুখ্যমন্ত্ৰীয়ে।তেওঁ কয় পূৰ্বতে কেৱল ইউ এছ টি এম আছিল।শেহতীয়াকৈ দেখিলো যে মেঘালয়ত পাহাৰ কাটি দুটা অট্টালিকা নিৰ্মান কৰা হৈছে।মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ মেঘালয়ৰ ইউ এছ টি এমক গুৱাহাটীৰ বিৰুদ্ধে ফ্লাড জেহাদ কৰা বুলি উল্লেখ কৰিছিল।মহানগৰৰ গাতে লাগি থকা এটা পাহাৰত অৱস্থিত ইয়াৰ কেম্পাছৰ পৰা নামি অহা পানীয়ে ব্যাপক কৃত্ৰিম বানৰ সৃষ্টি কৰে বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিৰ ওচৰত আৱেদন দাখিল কৰি পাহাৰসমূহ পৰিদৰ্শন কৰিবলৈ আহবান জনাইছে।তেওঁ লগতে কয় যে-দুই তিনি মাহত আমি ইতিবাচক ফলাফল আশা কৰিছো। আমি ক্ষমতাপ্ৰাপ্ত সমিতিৰ সন্মুখত দাখিল কৰিছো যে যদি মেঘালয়ে এনেদৰে পাহাৰ কাটি থাকে তেন্তে সমগ্ৰ গুৱাহাটীত এখন সাগৰত পৰিণত হ’ব।উল্লেখযোগ্য যে প্ৰচণ্ড বৰষুণৰ পিছত মঙলবাৰে চহৰখনত ব্যাপক পানী জমা হোৱাৰ লগতে ২৪ ঘন্টা পাৰ হৈ যোৱা পাছতো কেইবাটাও স্থানীয় অঞ্চল প্লাবিত হৈ আছে।