গুৱাহাটী,৩০জানুৱাৰীঃপ্ৰায় এটা দশকৰ অন্তত সোমবাৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্জীয়ে পুনৰ যোগদান কৰে অসম গণ পৰিষদত।জানিবপৰামতে ২০১৩চনত ভট্টাচাৰ্জীয়ে অগপৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে যদিও ১১ বছৰীয়া নিৰ্বাসনৰ অন্তত তেওঁ পুনৰ নিজৰ ঘৰলৈ উভতি যায়।সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভট্টাচাৰ্জীয়ে কয় যে সঠিক দৃষ্টিভংগীৰ অভাৱ বুলি কয় আৰু লগতে তেওঁ কয় যে সুবিধা অকল নিজৰ মানুহক দিয়া হয়।ভট্টাচাৰ্জীয়ে অভিযোগ কৰে যে মই ধন দিব নোৱাৰাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে প্ৰয়োজন হোৱা টিকটৰ বাবে যোগ্য নাছিলো।ভট্টাচাৰ্জীয়ে পুনৰ দলত যোগদান কৰাত সুখ প্ৰকাশ কৰি কয় যে মই দায়িত্বশীলভাৱে কাম কৰি যাম।ইফালে দলত যোগদান কৰা আন ব্যক্তিসকলৰ ভিতৰত মিহিৰ পাল, প্ৰবন শইকীয়া আৰু গৌতম বৰুৱাকে ধৰি অন্যান্য ব্যক্তিও আছে।