এপিএছচি: কভিড পৰীক্ষাৰ ফলাফল নাপালে কি কৰিব পৰীক্ষাৰ্থীয়

Share

তৃষ্ণা দাস

অসম লোকসেৱা আয়োগৰ অনুষ্ঠিত কৰিবলগীয়া লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হ’লে পৰীক্ষাত তিনি দিন পূৰ্বৰ আৰু টি পি চি আৰ নিগেটিভ ৰিপ’ৰ্ট দাখিল কৰিবলৈ দিয়া নিৰ্দেশনাক লৈ সৃষ্টি হৈছে হাহাকাৰ। শেহতীয়াকৈ কভিডৰ বাবে জাৰি কৰা এই নিৰ্দেশনাত বিভ্ৰান্তিৰ সন্মূখীন হ’বলগীয়া হৈছে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ৭৮ হাজাৰ প্ৰাৰ্থী। বিশেষকৈ আয়োগৰ নিৰ্দেশনালীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এইচ চি নামৰ সংস্থাটোৱে। এক বিবৃতিৰ সংস্থাৰ এডমিন মানসপ্ৰতিম বৰুৱাই কয় যে আৰ টি পি চি আৰ টেষ্টৰ ৰিপ’ৰ্ট লাভ কৰিবলৈ নূন্যতম ৩ৰ পৰা ৪ দিনৰ প্ৰয়োজন হয়। কেতিয়াবা দিঘলীয়া ও হয়। সময়মতে টেষ্ট কৰোৱাৰ পাছতো বিভাগীয় অসুবিধাৰ বাবে আৰ টি পি চি ৰিপ’ৰ্ট পলমকৈ লাভ কৰা শিক্ষাৰ্থীৰ কি বব্যস্থা গ্ৰহণ কৰা হব বুলি প্ৰশ্ন উত্থাপন কৰে – কাৰোবাৰ যদি এই পৰীক্ষাৰ ৰিপ’ৰ্ট সময় মতে লাভ নকৰে, এই প্ৰাৰ্থী গৰাকী বঞ্চিত হব নেকি? যদি কোনো এগৰাকী প্ৰাৰ্থী কভিড টেষ্ট পজিটিভ হয় তেওঁক আয়োগে পৰীক্ষাৰ পৰা বঞ্চিত কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।
সেয়েহে আৰ টি পি চি আৰ টেষ্ট সম্পৰ্কে আয়োগে প্ৰকাশ কৰা জাননী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অব এ পি চি এছ চিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *