অসম লোকসেৱা আয়োগৰ বিষয়াসকলৰ বিৰুদ্ধে পুনৰ তদন্ত আৰম্ভ কৰিব আৰক্ষীয়ে ৷ APSC গোচৰত বিশেষ আদালতত শুনানী চলি থকাৰ সময়তে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তত খেলিমেলি পোৱা অসম লোকসেৱা আয়োগৰ বিষয়াসকলৰ বিৰুদ্ধে পুনৰ তদন্ত আৰম্ভ হব। উল্লেখযোগ্য যে এই তদন্ত ৩৪ জন কৈ বিষয়াৰ বিৰুদ্ধে হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে কেইবাগৰাকী বিষয়াক জাননী জাৰি কৰা হৈছে।
২০১৩ চনত নিযুক্তি পোৱা ৩৪ জন বিষয়াৰ বিৰুদ্ধে ধন দি চাকৰি লোৱাৰ প্ৰমাণ পাইছিল বিপ্লৱ শৰ্মা আয়োগে। তাৰ সমান্তৰাল ভাৱে ২০১৪ চনৰ নিযুক্তিক লৈ হোৱা খেলি মেলিৰো অদন্ত কৰাৰ দায়িত্ব প্ৰদান কৰিছে।