বুধবাৰে ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থানত উজলিল ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ ৰাছিকা ইছলাম। ৰাছিকাৰ পিতৃ আছিল এগৰাকী সেনা বিষয়া। ৰাছিকাৰ স্বামীও এগৰাকী প্ৰশাসনিক বিষয়া। নিজৰ স্বামীৰ সৈতে একেলগে ২০২১ বৰ্ষত অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈ কৰ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল ৰাছিকা ইছলামে।
মাটিয়াবাগৰ বাসিন্দা তথা সেনা বাহিনীৰ প্ৰাক্তন কৰ্ণেল ছাইদুল আৰু ৰাইহানা ইছলামৰ কন্যা ৰাছিকা ইছলামে অসম লোকসেৱা পৰীক্ষাত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত ৰাছিকাই কয় যে তেওঁ কোনো ধৰণৰ কোচিং কৰা নাছিল, গৌৰীপুৰৰ ঘৰতে পঢ়িছিল। যোৱা দুবছৰ ধৰি ৰাছিকা ইছলামে ধুবুৰী ছেল টেক্স কাৰ্যালয়ত চাকৰি কৰি আহিছে।