অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাত নাথাকিব ভাষা বিষয়ৰ কাকত

Share
অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাত নাথাকিব ভাষা বিষয়ৰ কাকত
গুৱাহাটী, নৱেম্বৰ ২৫: অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়টো বাদ দিয়া হ’ব। ইয়াৰ পৰিৱৰ্তে আবেদন কৰা শিক্ষাৰ্থী সকল অসমীয়া নাগৰিক হ’ব লাগিব। এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে লিখিব নালাগে অসমীয়া ভাষাৰ কাকতখন। অসমৰ সহযোগী যিকোনো এটা ভাষা ক’ব পৰা হ’ব লাগিব। লগতে নিয়োগ পঞ্জীয়ন কেন্দ্ৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। বঙাইগাঁওত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 
লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা ভালদৰে নজনা বহুসংখ্যক জনজাতীয় ছাত্ৰ-ছাত্ৰী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় বাবেই কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন শিক্ষানীতি বলৱতৰ বাবে ২০২২ বৰ্ষত প্ৰয়োজনীয় আন্ত:গাঁথনি প্ৰস্তুত কৰা হ’ব। নতুন শিক্ষানীতি অনুসৰি শিক্ষাৰ সংস্কাৰ হ’ব বুলিও এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *