৫৫৫০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰত্ৰ প্ৰদান

Share

৯ নৱেম্বৰ তাৰিখে খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে শিক্ষক পদৰ বাবে টেট উত্তীৰ্ণ ৫৫৫০ প্ৰাৰ্থীক নিযুক্তি প্ৰত্ৰ প্ৰদান কৰে।খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই অনুষ্ঠান আয়োজিত কৰে।এই অনুষ্ঠানত উপস্হিত থাকে শিক্ষা মন্ত্ৰী  ড০ ৰনোজ পেগু ,জয়ন্ত মল্ল বৰুৱা,মিচিং স্বায়ত্বশাসিত পৰিষদৰ চি ই এম পৰমানন্দ  চাৰেঙীয়াৰ লগতে কেইবাগৰাকী বিষয়ববীয়া আৰু প্ৰাৰ্থীসকলৰ লগতে অভিভাৱকসকলো উপস্থিত থাকে।নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩,৮৫০ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ১,৭৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰত্ৰ প্ৰদান কৰা হয়।আনহাতে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ ৭৮৫০ গৰাকী বাচনি কৰা প্ৰাৰ্থীক অহা ১৩ নৱেম্বৰত নিযুক্তি প্ৰত্ৰ প্ৰদান কৰা হব।ৰাজ্য চৰকাৰৰ শাসনকালত চৰকাৰী নিয়োগৰ সংখ্যা ১,২৬,৭৯৩ লৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে।ভিন্ন কাৰণত ২বছৰ ধৰি নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছিল যদিও মাৰ্চৰ পৰা  পুনৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে।লগতে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবেও বাছনি প্ৰক্ৰিয়া ইতিমধ্যেই সম্পুৰ্ণ হৈ উঠিছে বুলি শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৱে জানিবলৈ দিছে। স্বচ্ছ আৰু নিকাভিত্তিক হোৱা নিযুক্তিৰ সংখ্যাই ১লাখৰ প্ৰতিশ্ৰুতি পূৰণ কৰি ১ লাখ ২৬ হাজাৰৰ সীমা অতিক্ৰম কৰাৰ কথা শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ৰাজ্যৰ শিক্ষা ব্যবস্হাক নতুন দিগন্তলৈ লৈ যোৱা ক্ষেত্ৰত সমৰ্থনৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জনাই।ইয়াৰ লগতে ‘শিক্ষক সমল পেকেজৰ’ অধীনত ৮,৭৯৯ শিক্ষক-শিক্ষয়িত্ৰী আৰু আৰোহণ আচঁনিৰ অধীনত ৪২৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক একোটাকৈ টেবলেট বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *