মন্ত্রী পীযূষ হাজৰিকা অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতি

Share
ছাদ্দাম হুছেইন, ১৩ চেপ্তেম্বৰঃ অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্রী পীয়ুষ হাজৰিকাক। উল্লেখ্য যে বিজেপিৰ যুৱনেতা মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছত খালি হৈ আছিল অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ পদটো।
অসম টেবুল টেনিছ সন্থাই আয়োজন কৰা ভাৰ্চুৱেল বিশেষ সাধাৰণ সভাত, ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ পৰ্যবেক্ষকৰ উপস্থিতিত ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্রী পীয়ুষ হাজৰিকাক অসম টেবুল টেনিছ এছচিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *