ভূপেন্দ্র পেটেল, গুজৰাটৰ নতুন মুখ্যমন্ত্রী

Share
ছাদ্দাম হুছেইন, ১৩ চেপ্তেম্বৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীয়ে পদত্যাগ কৰাৰ পাছত নতুন মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিলে ৰাজ্য খনৰ জেষ্ঠ্য নেতা ভুপেন্দ্র পেটেলে।
বিজেপিৰ কেন্দ্রীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমৰ আৰু প্ৰহ্লাদ যোশী আৰু দলৰ সাধাৰণ সম্পাদক তৰুণ চাউগৰ উপস্থিতিত দেওবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ বিধায়কসকলৰ এখন বৈঠকত ঘাটলোডিয়াৰ বিধায়ক  ভুপেন্দ্র পেটেলৰ নাম প্ৰস্তাৱ কৰা হয়। পূৰ্বে ভুপেন্দ্র পেটেলে আহমেদাবাদ আৰ্বান ডেভেলপমেন্ট অথৰিটিৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে বিধানসভা নির্বাচনৰ বাবে মাজত প্ৰায় ডেৰ বছৰ থকাৰ সময়তে মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে। বিৰোধী দল বোৰে আগন্তুক নিৰ্বাচনত এয়া বিজেপিৰ পৰাজয়ৰ লক্ষণ বুলিও অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *