অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি : সভাপতি হিচাপে ভূপেন বৰাৰ নাম ঘোষণা

Share

বন্দনা হাজৰিকা

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰা হৈছে । লগতে তিনিজন কাৰ্যকৰী সভাপতিও নিযুক্তি দিয়া হৈছে ।কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে ক্ৰমে ৰাণা গোস্বামী , জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে পুৰকায়স্থক । উল্লেখ্য যে পূৰ্বে ৰিপুন বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আছিল যদিও ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত সভাপতি সলনিৰ দাবী উঠিছিল । আৰু তাৰেই পৰিপেক্ষিতত আজি ভূপেন বৰাক নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *