কা বিৰোধী প্ৰতিবাদেৰে উত্তাল ৰাজ্য

Share

নাগৰিকত্ব সংশোধনী আইন(কা) বলবৎ।কা বলবৎ ক লৈ উত্তাল ৰাজ্যৰ আকাশ-বতাহ।ৰাজ্যজুৰি আছু,কৃষক মুক্তি সংগ্ৰাম পৰিষদ আদি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।লগতে বিজেপি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোডী হুচিয়াৰ,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,কা আমি নামানো,জয় আই অসম,আহ ঐ আহ ওলাই আহ আদি শ্লগানেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ।গুৱাহাটীৰ ৰাজীৱ ভৱনতো তীব্ৰ বিক্ষোভ  কংগ্ৰেছৰ,তাৰ বাবে বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গলৈও আৰক্ষীৰ জাননী।নিশা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদটো টায়াৰ জ্বলাই ছাত্ৰ সমাজে সাব্যস্ত কৰিলে প্ৰতিবাদ।ইয়াৰ ওপৰি লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও সাব্যস্ত কৰে প্ৰতিবাদ।ইয়াৰ লগতে বিভিন্ন স্থানত সাব্যস্ত কৰিলে প্ৰতিবাদ।কা বলবৎ ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ১৪ মাৰ্চত আঞ্চলিকে আঞ্চলিকে ৰাজহুৱা স্থানত কলা পতাকা উত্তোলন,১৫ মাৰ্চত অসমৰ প্ৰতিখন জিলা সদৰত সমদল কৰি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব,১৮ মাৰ্চত সদৌ অসম ছাত্ৰ সন্থা,ছয় জনগোষ্ঠীয়সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ জৰুৰী বৈঠকৰ আহ্বানেৰে পৰবৰ্তী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *