উত্তৰ প্ৰদেশৰ অযোধ্যাত কালি ঐতিহাসিক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়তে চহৰখনৰ পৰা ১০০০কিলোমিটাৰ নিলগত আন এক ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে।সাগৰপৃষ্ঠৰ পৰা ১৮০০ফুট উচ্চতাত ওড়িশাৰ পাহাৰত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে।১৬৫ ফুট উচ্চতাৰ এই ৰাম মন্দিৰটো স্হানীয় ফাতেহগড় গাওঁবাসী আৰু ভক্তৰ দান বৰঙণিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।মন কৰিবলগীয়া যে,১৫০তকৈও অধিক সেৱাৰ মনোভাবৰ শ্ৰমিকে ভগৱানৰ প্ৰতি শ্ৰদ্ধা জনাই বিগত ৭বছৰ ধৰি ৰাম মন্দিৰটো নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে।ওড়িশাৰ পাহাৰত আধ্যাত্মিক তথা ধৰ্মীয় কেন্দ্ৰ হিচাপে পৰিগণিত হবলৈ যোৱা এই ৰাম মম্দিৰটো পৰৱৰ্তী সময়ত পৰ্যটনৰ কেন্দ্ৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও গাঁওবাসাীয়ে ব্যক্ত কৰিছে।বিগত দশক দশক ধৰি উক্ত অঞ্চলৰ পৰাই জগন্নাথ,বলভদ্ৰ আৰু সুভদ্ৰাৰ কাঠৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ কাঠ যোগান ধৰি আহিছে।ফাতেহগড়ত থকা এই পৱিত্ৰ কাঠ ধৰ্মীয় অনুষ্ঠানতো ব্যৱহৃত হৈ আহিছে।এই ধৰ্মীয় ইতিহাস সৰোগত কৰিয়েই গাঁওবাসীয়ে ৰাম মন্দিৰটো নিৰ্মাণ কৰিবলৈ শ্ৰাৰাম সেৱা পৰিষদ কমিটী গঠন কৰে আৰু এই কমিটীৰ দ্বাৰাই স্হানীয় লোকৰ দান বৰঙণিৰ লগতে আন অঞ্চলৰ ভক্তৰ পৰা ধন সংগ্ৰহ অভিযান চলে আৰু এই সংগৃহীত ধনেৰেই মন্দিৰটো নিৰ্মাণ কৰা হৈছে।
উল্লেখ্য যে,পৰম্পৰাগত উড়িয়া স্হাপত্য আৰ্হিৰে নিৰ্মাণ কৰা এই মন্দিৰতো তাৰা তাৰিণী আৰু কোণাৰ্ক মন্দিৰৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন ঘটিছে।