জীৱিত অৱস্থাত পেট্ৰ’ল ঢালি এজন যুৱকে জ্বলাই দিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অংকিতাক,জীৱনৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে অংকিতাই, কিন্তু কিয়?

Share

ব্যাপক চৰ্চা।সামাজিক মাধ্যনত ভাইৰেল হৈ পৰিছে এটি ঘটনা। যাৰ বাবে ঘটনাটোক লৈ এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছে।শেহতীয়াকৈ পোহৰলৈ আহিছে এগৰাকী দ্বাদশ শ্ৰেণীৰ অধ্যয়ণৰত ছাত্ৰী অংকিতাক জীৱিত অৱস্থাত পেট্ৰ’ল ঢালি জ্বলাই দিছিল এজন যুৱকে। ঘটনাটো ঝাৰখণ্ডৰ। ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশতে ডুমকাৰ জীয়ৰী অংকিতাৰ মৃত্যুক লৈ জাঙোৰ খাই উঠা পৰিলক্ষিত হৈছিল।প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবে হেনো জ্বলাই দিয়া হৈছিল অংকিতাক।তাই ৪৫ শতাংশ জ্বলি গৈছিল যদিও ছাত্ৰীগৰাকীক ৰাঁচী আৰ আই এম এছত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসকে তাইক বচাব লোৱাৰিলে। তৃতীয় দিনাই অংকিতাই মৃত্যুক সাৱতি ল’বলগীয়া হৈছিল।

আনফালে মৃত্যুৰ ঠিক আগমুহুৰ্তত অংকিতাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছিল। য’ত তাই ঘটনাটো সবিশেষ বৰ্ণনা কৰিছিল।ভিডিঅ’টোত অংকিতাই কৈছিল যে-“অভিযুক্ত শ্বাহৰুখে পুৱা ৫ বজাত মোক হত্যা কৰিবৰ বাবে পেট্ৰ’ল লৈ মোৰ ঘৰলৈ আহিছিল। সোমবাৰে নিশা, পাপাক শ্বাহৰুখৰ বিষয়ে কৈছিলো, পাপাই ক’লে ৰাতিপুৱা দেখা যাব।কিন্তু ৰাতিপুৱাই খিৰিকীৰ পৰা আমাক পেট্ৰ’ল ঢালি শ্বাহৰুখ পলাই গ’ল।শ্বাহৰুখৰ লগত চোট খান নামৰ বন্ধুজন আছিল।আমি দুয়োকে খিৰিকীৰে দৌৰি থকা দেখিছিলোঁ।মই কেৱল শ্বাহৰুখক নীলা টি-চাৰ্ট পিন্ধি পলাই যোৱা দেখিছিলোঁ,যিয়ে মোক ১০-১৫ দিন ধৰি হাৰাশাস্তি কৰি আছিল। সকলোৱে তাক অঞ্চলটোৰ এজন পথভ্ৰষ্ট ল’ৰা হিচাপে জানিছিল।তাৰ কাম আছিল কেৱল ছোৱালীবোৰক হাৰাশাস্তি কৰা। যেতিয়াই মই স্কুল বা টিউচনলৈ গৈছিলোঁ, মোক প্ৰায়ে অনুসৰণ কৰিছিল। কিন্তু মই তাৰ এনে কাণ্ডবোৰক গুৰুত্ব দিয়া নাছিলো। কাৰোবাৰ পৰা ফোন নম্বৰ লৈ মোক প্ৰায়ে ফোন কৰি বন্ধুত্ব গঢ়িবলৈ হেচাঁ দিছিল। শ্বাহৰুখে মোক আৰু মোৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ ভাবুকি দিছিল যদিও মই তাৰ কথা আওকান কৰিছিলোঁ। তাৰ কাণ্ডবোৰ দেখি অনুমান কৰিব পাৰিছিলো।কিন্তু এইটো বুজিব পৰা নাছিলোঁ যে মোৰ লগত এনে হ’ব”।

Leave a Reply

Your email address will not be published. Required fields are marked *