দলগাঁও সমষ্টি ৰাইজৰ দলে বিচৰাৰ পিছতেই দলীয় কৰ্মীৰ মাজত ক্ষোভ

Share

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ল।সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবেই বহু সমষ্টি কৰ্তন হ’ল।সমষ্টি বিচাৰিয়েই ৰাজনৈতিক দলসমূহৰ মাজত সময়ে সময়ে বিৰ্তকৰ সৃষ্টি হৈ আহিছে।অসম বিধানসভাৰ দলগাঁও সমষ্টিক লৈ এতিয়া দলৰ মাজত আক্ষেপৰ সৃষ্টি হৈছে।দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনাক লৈ কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত চলা  বাক বিতণ্ডা এতিয়া ক্ষোভলৈ পৰিণত হৈছে।কালি নিশা গুৱাহাটীৰ মহানগৰীৰ অজন্তা পথস্থিত গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে।আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিল্লীত স্ক্ৰীনিং কমিটীৰ বৈঠক সামৰি উভতি অহাৰ পিছতেই দলীয় কৰ্মীৰ মাজত হোৱা এই প্ৰতিবাদৰ সন্মুখীন হয় ।দলীয় কৰ্মীসকলৰ বিদ্ৰোহৰ পিছত পৰিস্থিতি বেয়ালৈ গতি কৰাৰ ফলত আৰক্ষী প্ৰশাসন উপস্থিত হ’বলগীয়া হয়।

দলগাঁও সমষ্টি কোনোপধ্যেই ৰাইজৰ দলক এৰি নিদিয়াৰ কথা কয় প্ৰতিবাদকাৰীসকলে।তৃণমূল কৰ্মীসকলে সমষ্টিটো ৰাইজৰ দলক এৰি দিলে প্ৰতিবাদ ভয়ানক হোৱাৰো দাবী কৰে প্ৰতিবাদ স্থলীতে।দৰং জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য হুমায়ুন কবীৰে দলগাঁও সমষ্টি এৰি দিয়াক লৈ প্ৰতিক্রিয়া প্ৰকাশ কৰে।তেওঁ কয় যে- “দলগাঁও বিধানসভা সমষ্টি,যাক দৰং কংগ্ৰেছৰ দুৰ্গ বুলি ক’লেও হয়তো অতিৰঞ্জিত কৰা নহ’ব।যি সময়ত সমগ্ৰ অসমত বিজেপিৰ তীব্ৰ জোৱাৰ আছিল,সেইসময়তো দলগাঁও ৰাইজে কংগ্ৰেছৰ ওপৰত আস্থা হেৰুৱা নাছিল”। দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়াটো এটা আত্মঘাতী সিদ্ধান্ত বুলিও তেঁও সামাজিক মাধ্যমত উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *