অংগনবাড়ী কেন্দ্ৰসমূহ একত্ৰীকৰণ হ’ব, এইবছৰত তিনিহাজাৰ অংগনবাড়ী কেন্দ্ৰ নতুনকৈ নিৰ্মাণ কৰা হ’ব

Share
ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ পাছত অংগনবাড়ী কেন্দ্ৰসমূহো একত্ৰীকৰণ কৰিব ৰাজ্য চৰকাৰে। ৰাজ্যত থকা ৬৫ হাজাৰ অংগনবাড়ী কেন্দ্ৰৰ ভিতৰত ২০ হাজাৰ অংগনবাড়ী কেন্দ্ৰ ওচৰা-উচৰিকৈ আছে। ওচৰা-উচৰিকৈ থকা অংগনবাড়ী কেন্দ্ৰসমূহ নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে একত্ৰীকৰণ কৰা পিছত কোনো কৰ্মচাৰীৰ চাকৰি নাযায়। এইবছৰত তিনিহাজাৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২’ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কেন্দ্ৰক লৈ চৰকাৰে লোৱা নতুন ব্যৱস্থাৰ কথা উল্লেখ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *