বিশ্ব ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

Share

নতুন বৰ্ষ ২০২৫ ত বিশ্বৰ ভিতৰতে ২৪ খন দেশতে নিৰ্বাচন অনুষ্ঠিত হ’ব । দেশকেইখনৰ ভিতৰত অন্যতম – কানাডা , অষ্ট্ৰেলিয়া , জাৰ্মানী , ছিংগাপুৰ , বেলাৰুছ আৰু বাংলাদেশত । উল্লেখ্য যে নতুন বৰ্ষটোত ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশতো নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । লগতে বাংলাদেশ খনৰ অস্থিৰতা হ্ৰাস পোৱাৰ সম্ভৱনা আছে । চলিত বৰ্ষত দেশখনত ৭ জানুৱাৰীত শেষৰটো নিৰ্বাচন অনুষ্ঠিত হৈছিল । নতুন বৰ্ষত  ২০ অক্টোবৰত বাংলাদেশত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে । আনহাতে বিগত সময়ছোৱাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰডোৱে ভাৰতৰ বিৰুদ্ধে তীব্ৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হৈছিল । আগন্তক বৰ্ষত জাষ্টিন ট্ৰডোৰ ভাগ্য নিৰ্ণয় হ’ব । অষ্ট্ৰেলিয়াৰ ২৭ চেপ্তেম্বৰৰ আগে- পিছে নিৰ্বাচন অনুষ্টিত হ’ব । জাৰ্মানীত ২৩ ফ্ৰেব্ৰুৱাৰীত নিৰ্বাচন হ’ব । তাৰ সমান্তৰালভাৱে এই ৰাষ্ট্ৰকেইখনৰ ওপৰিও আলবেনিয়া , বুৰকিনা , ইজিপ্ত , আইচলেণ্ড , ফাচো , পোলেণ্ড , শ্ৰীলংকা আদিত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *