ছাদ্দাম, গুৱাহাটী,৯ চেপ্তেম্বৰঃ যোৰহাটৰ নিমাতী ঘাটৰ ভয়ংকৰ নাও দুঘর্টনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে। সামাজিক মাধ্যমত এই দুঘর্টনাক লৈ শোক প্রকাশ কৰাৰ লগতে কেন্দ্রই এই সন্দৰ্ভত সম্পূর্ণ সমৰ্থন-সহায় আগবঢ়াব বুলি কয়।
টুইটাৰত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে লিখিছে-” নিমাতী ঘাটৰ নাও দুঘর্টনাৰ খবৰটো পাই অতি দুখ পালো। মই মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিছো। স্হানীয় প্ৰশাসন আৰু ৰাজ্য চৰকাৰে যাত্রী সকলক অতি সোনকালে উদ্ধাৰ কৰিবলৈ সকলো চেষ্টা অব্যাহত ৰাখিছে আৰু ব্যবস্থা কৰিছে বুলি জানিবলৈ দিয়ে মূখ্য মন্ত্রী শৰ্মাই। এই পৰিস্থিতিৰ ওপৰত কেন্দ্রীয় চৰকাৰেও দৃষ্টি ৰাখিছে আৰু সম্পুর্ণ সহায়-সহযোগিতা কৰিবলৈ সাজু”।