প্ৰায় ডেৰ মাহৰ পিছতো ৯০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালে নাপালে ইউনিফৰ্ম

Share

অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায় ৯০ শতাংশক ইউনিফৰ্ম যোগান ধৰাত ব্যৰ্থ হ’ল ইউনিফৰ্ম যোগানৰ দায়িত্ব লাভ কৰা ৰাজ্যৰ বাহিৰৰ চাৰিটা প্ৰতিষ্ঠানে। ইয়াৰ লগতে যি ১০ শতাংশ শিক্ষাৰ্থীক ইউনিফৰ্ম যোগান ধৰা হৈছে তাকো সৰ্বশিক্ষা অভিযান গাইডলাইন ভংগ কৰি নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰা বুলি একাংশ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে।এই অভিযোগ উত্থাপন কৰে সদৌ অসম স্কুল ইউনিফৰ্ম যোগানিয়াৰ এছচিয়েচনে।এক বিবৃতিযোগে সংস্থাটোৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক প্ৰণৱ তালুকদাৰে অভিযোগ কৰি কয় যে ৰাজ্যত প্ৰায় ডেৰ হাজাৰ লোকে শিক্ষানুষ্ঠানত প্ৰথমৰপৰা অষ্টম শ্ৰেণীত অধ্যয়নৰ শিক্ষাৰ্থীক ইউনিফৰ্ম যোগান ধৰিছে।কিন্ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নৱম আৰু দশম শ্ৰেণীৰ অধ্যয়নৰ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম যোগান ধৰাৰ বাবে ৰাজ্যৰ বাহিৰৰ চাৰিটা প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰিছে।সেই প্ৰতিষ্ঠান কেইটা হ’ল ক্ৰমে মুম্বাইৰ মেছাৰ্ছ সংগম ইণ্ডাষ্ট্ৰীজ আৰু মেছাৰ্ছ পদমচান্দ মিলা পচান্দ জৈন,ৰাজস্থানৰ মেছাৰ্ছ সুনীল ইণ্ডাষ্ট্ৰীজ আৰু মেছাৰ্ছ কাঞ্জন ইণ্ডাষ্ট্ৰীজ।ইউনিফৰ্ম যোগান ধৰাত ব্যৰ্থ হোৱা ৰাজ্যৰ বাহিৰৰ চাৰিটা যোগানিয়াৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব লাগে।কিয়নো চলিত বৰ্ষৰ পহিলা এপ্ৰিলতে নতুন শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে।আনহাতে প্ৰায় এটা মাহ পাৰ হৈ যোৱা পিছতো ছাত্ৰ-ছাত্ৰীসকলে  ইউনিফৰ্ম লাভ কৰাৰ পৰা বঞ্জিত হোৱাতো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে সংস্থাটোৰ কাৰ্যকৰী সভাপতি বিজয় আগৰৱালা লগতে উপ সভাপতি ৰাজীৱ লহকৰ,মইনুদ্দিন আহমেদ,কোষাধ্যক্ষ ৰাতুল কলিতাকে ধৰি কেইবাজনো কৰ্মকৰ্তাসকলে।  

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *