আকাশবাণী নামেৰে পৰিচিত হ’ব এতিয়াৰে পৰা অল ইণ্ডিয়া ৰেডিঅ নাম

Share

 NJP চৰকাৰে কৰা ঘোষণাৰ মতে অল ইণ্ডিয়া ৰেডিঅ (AIR)এতিয়া আকাশবাণী নামেৰে পৰিচিত হল ।৩মে’ তাৰিখে এক চেটেলাইট বাৰ্তাৰ দ্বাৰা আকাশবাণীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ নীতি বিভাগৰ পৰা সমগ্ৰ দেশৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল এই বাৰ্তা ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (I&B)   আইনৰ এটা ব্যৱস্থা বলবৎ কৰাৰ সিদ্ধান্ত লৈছে ,যাৰ দ্বাৰা প্ৰসাৰ ভাৰতীয় ৰেডিঅক এতিয়া কেৱল আকাশবাণী বুলি কোৱা হৈছে । প্ৰায় ৯০ বছৰৰ পিছত , চৰকাৰৰ দ্বাৰা পৰিচালিত ৰেডিঅ বুলেটিন  অল ইণ্ডিয়া ৰেডিঅৰ পৰিৱৰ্তে এয়া আকাশবাণী ঘোষণাৰ সৈতে আৰম্ভ হব।

উল্লেখযোগ্য যে , অল ইণ্ডিয়া ৰেডিঅ নামৰ সৈতে সমপৰ্কিত ঔপনিৱেশিক সামগ্ৰী আঁতৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে।১৯৯৭ চনৰ নৱেম্বৰত কাৰ্যকৰী হোৱা প্ৰসাৰ ভাৰতী (ভাৰতীয় সম্প্ৰচাৰ নিগম) আইন ১৯৯০ ত ধাৰাৰ এটাৰ ব্যৱস্থা আছে যত আকাশবাণী সংজ্ঞা দিয়া হৈছে। 

AIR ক আনুষ্ঠানিকভাৱে আকাশবাণী বুলি জনা যায়।আকাশবাণী নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰস্তাৱিত কৰিছিল যাৰ অৰ্থ হৈছে আকাশৰ পৰা কন্ঠ।১৯৫৬ চনৰ পৰা ৰেডিঅ অনুষ্ঠান আৰু সম্প্ৰচাৰত দুয়োটা নামেই ব্যৱহাৰ কৰা হৈছিল।বুধবাৰে ৰাতিপুৱা ৮ বাজি ১৫ মিনিটত সম্প্ৰচাৰিত হোৱা ইংৰাজী বাতৰি বুলেটিনত AIR নামটো কৰা হৈছিল যদিও আবেলি ৪ বাজি ৫ ছেকেণ্ডত সম্প্ৰচাৰিত বাতৰি বুলেটিনত আকাশবাণী বুলি ঘোষণা আৰম্ভ কৰা হয়।

আকাশবাণীৰ মূল প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে ব্যাখ্যা কৰে যে আকাশবাণী নামটো সাধাৰণ ৰাইজৰ লোকাচাৰৰ সৈতে অধিক সামঞ্জস্যপূৰ্ণ আৰু ভাৰতীয় সংস্কৃতিত নিহিত আছে।বৰ্তমান AIR এ ২৩ টা ভাষা আৰু ১৪৬ টা উপভাষাত সম্প্ৰচাৰ কৰে।বাহ্যিক সেৱা বিভাগে ১১ টা ভাৰতীয় আৰু ১৬ টা বিদেশী ভাষাত সম্প্ৰচাৰ কৰে। আনহাতে , বাতৰি বিভাগে প্ৰায় ৯০ টা ভাষা আৰু উপভাষাত ৬৪৭ টা বুলেটিন প্ৰকাশ কৰে । 

প্ৰতিবেদন অনুূসৰি , ১৯২৩ চনৰ জুন মাহত বোম্বাইৰ ৰেডিঅ ক্লাবে  প্ৰথম সম্প্ৰচাৰ কৰাৰ সময়ত ৰেডিঅই ভাৰতত যাত্ৰা আৰম্ভ কৰে্।১৯৩৬ চনৰ ৮ জুনত তেতিয়াৰ ঔপনিৱেশিক চৰকাৰে ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ নাম সলনি কৰি AIR কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *