শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। শিৱসাগৰত বিমান বন্দৰ স্থাপনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ বিধায়ক অখিল গগৈৰ।
প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি অখিল গগৈ সামাজিক মাধ্যমত এনেদৰে উল্লেখ কৰি কয় যে ২০২০-২০২১ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত শিৱসাগৰক ‘আইকনিক চিটি ‘ঘোষনা কৰা হৈছিল ।
শিৱসাগৰ দেশৰ এখন গুৰুত্বপূৰ্ণ ঐতিহ্য নগৰী।৬০০ বছৰীয়া আহোম ৰাজত্বৰ এখন ৰাজধানী।শিৱসাগৰ নগৰৰে কাষৰ চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষনা কৰা বাবে ইতিমধ্যে ড’ছিয়াৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
তদুপৰি শিৱসাগৰত আছে অ’এনজিচিৰ আসাম এছেটৰ মুখ্য কাৰ্যালয়।সেইফালৰ পৰা ই দেশৰে এখন গুৰুত্বপূৰ্ণ ঔদ্যোগিক নগৰ। সেয়েহে শিৱসাগৰত এটা বিমান বন্দৰ লাগে বুলি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈয়ে।