ডিজিটেল ডেস্ক, ০৪ এপ্ৰিলঃ শুক্ৰবাৰে চিৰাজউদ্দিন আজমলে অসমীয়া ভাষাক অপমান কৰা বিৰূপ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। লগতে চিৰাজউদ্দিনৰ এই মন্তব্যক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে আৰু এই মন্তব্যত এআইইউডিএফ অসমীয়া জাতিৰ এটা প্ৰধান শত্ৰু দল বুলি গৰিহনা দিয়ে বিধায়ক অখিল গগৈয়ে। তদুপৰি তেওঁ কৈছে যে এআইইউডিএফ ৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে আৰু অসমীয়া ভাষাক অপমান কৰা এআইইউডিএফ ৰ অসমীয়াৰ প্ৰতি থকা বেয়া আচৰন প্ৰতিফলিত হৈছে।
ইয়াৰোপৰি অখিল গগৈয়ে কয় যে ৰাজ্যসভা নিৰ্বাচনত আটাইতকৈ বেছি গাড্ডাৰী কৰা দলটোৱেই আছিল এআইইউডিএফ।এআইইউডিএফ দলৰ চিৰাজউদ্দিন আজমলে অসমীয়া ভাষাক লৈ অপমান কৰা মন্তব্যক নিন্দা কৰাৰ লগতে চিৰাজউদ্দিনে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে বুলি দাবী কৰে বিধায়ক অখিল গগৈয়ে। আৰু আনহাতে বিগত ৩১ মাৰ্চত অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনিজন বিধায়ক আৰু এআইইউডিএফ ৰ সাতজন বিধায়কে বিজিপিক ভোট প্ৰদান কৰা বুলি মন্তব্য কৰে অখিল গগৈয়ে।