AJP ৰ অভিযোগঃ সমষ্টিৰ পুনৰগঠন প্ৰক্ৰিয়া বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰিবলৈহে চলিছে

Share
সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া হৈছে  বিজেপি চৰকাৰে নিজ দলৰ ৰাজনৈতিক ভোটবেংক সুৰক্ষিত কৰাৰ বাবে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে।
অসম জাতীয় পৰিষদৰ উপসভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাসে আজি সংবাদমেল আয়োজন কৰি কয় যে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বা ডিলিমিটেচন প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰৰ পূৰ্ণ হস্তক্ষেপত বিজেপি দলৰ ইচ্ছা অনুসৰি হৈ আছে। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানত গোপনে চৰকাৰৰ ফালৰ পৰাই ডিলিমিটেচনৰ খচৰা প্ৰস্তুত কৰি নিৰ্বাচন আয়োগক জমা দিয়া হৈছে। 
দাসে কয় যে আইন মতে ডিলিমিটেচন প্ৰক্ৰিয়াৰ মানচিত্ৰ প্ৰস্তত কৰাৰ দায়িত্ব সহকাৰী নিৰ্বাচনী পঞ্জিয়ন বিষয়াৰহে। তেওঁৰ ওপৰৰ বিষয়াই হে নিৰ্দেশ দিয়ে সমষ্টি নিৰ্ধাৰণৰ কথা। কিন্তু এইবাৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানতহে সমষ্টি সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে। ৰাইজে আইনৰ বিধি-বিধানসমূহ পুংখানুপুংখভাৱে মানি হৈছে নে নাই সেয়া পৰীক্ষা কৰি চোৱা হব। খচৰা পৰীক্ষাৰ পিছত যদি আইনৰ দিশসমূহ মানি চলাটো খচৰাত প্ৰতিফলিত নহয় তেন্তে AJPয়ে আইনৰ দ্বাৰস্থ হোৱাৰ বিকল্প গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *