বিচিচিআইৰ নিৰ্বাচক সমিতিৰ নতুন অধ্যক্ষ পদত অজিত আগৰকাৰ

Share

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অজিত আগৰকাৰক ভাৰতীয় ক্ৰিকেটৰ পুৰুষ দলৰ নিৰ্বাচক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত চেতন শৰ্মাক বৰ্খাস্ত কৰাৰ পিছত মুখ্য পদটো খালী হৈছিল। তাৰ পিছতেই তিনিজনীয়া পৰামৰ্শদাতা সমিতিৰ সৰ্বসন্মতিক্ৰমে অজিত আগৰকাৰক উক্ত পদৰ বাবে পৰামৰ্শ দিছে। এক বিজ্ঞপ্তিৰ যোগে বিচিচিআই য়ে এনেদৰে উল্লেখ কৰিছে। মংগলবাৰে অশোক মালহোত্ৰাৰ নেতৃত্বত ক্ৰিকেট উপদেষ্টা সমিতিৰ সৈতে ভাৰ্চুৱেল সাক্ষাৎকাৰৰ পিছত তেওঁক এই পদত নিযুক্তি দিয়া হয়। 

আগৰকাৰে নিজৰ ক্ৰিকেট কেৰিয়াৰত ২৬ খন ষ্টেট, ৪খন টি-২০ৰ উপৰিও ১৯১ খন এদিনীয়া মেচ খেলিছে। আগৰকাৰ ১৯৯৯, ২০০৩ আৰু ২০০৭ চনৰ এদিনীয়া বিশ্ব কাপ দলৰ অংশ আছিল । এম এছ ধোনীৰ অধিনায়কত্বত ২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ বিজয়ী দলৰো সদস্য আছিল।  

ক্ৰিকেচ পৰামৰ্শদাতা সমিতিখনে আগৰকাৰক জেষ্ঠতাৰ ওপৰত ভিত্তি কৰিহে এই সমিতিখনৰ অধ্যক্ষৰ ভূমিকা গ্ৰহণৰ বাবে পৰামৰ্শ দিছিল এই কথা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি প্ৰকাশ কৰিছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *