৫ বছৰীয়া বিধানসভা নিৰ্বাচনৰ শাসনভাৰৰ অন্ত পৰিবলৈ মাজত মাথোঁ কেইটামান দিন।কিছু দিন পিছতেই ঘোষণা কৰা হ’ব আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন।নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধীৰ দল।ঠায়ে ঠায়ে চলিছে নিৰ্বাচনী প্ৰচাৰ।কোনো দলৰ যদি নেতা মন্ত্ৰী অসমলৈ আগমণ হৈছে,আন কোনো দলে কৰিছে সমালোচনা।অব্যাহত আছে দলসমূহৰ কাৰ্যকৰী সভা।সমষ্টিয়ে সমষ্টিয়ে চৰ্চা চলিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীক লৈ।এতিয়া বিজেপিৰ দখলত থকা সমষ্টি বিচাৰি তোলপাৰ লগাইছে অগপই।সমষ্টিয়ে সমষ্টিয়ে অগপই নিজৰ স্থিতি পূৰ্বৰ দৰে কৰিবলৈ তৎপৰ হৈছে।
সন্মুখত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত নিজৰ দলৰ স্থিতি সক্ৰিয় কৰিবলৈ সাজু হৈছে অগপ। বিজেপিৰ দখলত থকা বজালী,ছিপাঝাৰ, মাজুলী,পলাশবাৰী,নলবাৰী,মাহমৰা,বিশ্বনাথ সমষ্টিকেইটা বিচাৰিছে অগপই।নিৰ্বাচন খেলিবলৈ সাজু হৈছে অগপ।ছিপাঝাৰত অগপৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব সমষ্টিটোৰ প্ৰাক্তন বিধায়ক জয়নাথ শৰ্মাই।নলবাৰীত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে দিলীপ দাস।আনহাতে মাজুলীত সাজু হৈছে ব্ৰজেন গাম।পলাশবাৰীৰ পৰা কমলা কলিতা,বিশ্বনাথৰ পৰা প্ৰৱীণ হাজৰিকা।আটাইকেইজন প্ৰাৰ্থীয়ে জয়লাভ কৰিবনে, সেয়া সময়ত হ’ব লক্ষণীয়।
আনহাতে নগাঁৱৰ বঢ়মপুৰ সমষ্টিত চলিছে নিৰ্বাচনী কুচকাৱাজ।মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই কিছুদিন ধৰি বঢ়মপুৰ সমষ্টিত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা ।কিন্তু বঢ়মপুৰ সমষ্টিত অগপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি দলৰ নেতা।বিজেপিৰ শাসনত থকা বঢ়মপুৰ সমষ্টি নিদিয়ে অগপক।সেই কথাৰে আৰম্ভ হৈ এতিয়া দুয়োটা দলৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।সেই সন্দৰ্ভত অগপ নেতা মণিমাধৱ মহন্তই কয়, “বঢ়মপুৰ সমষ্টি আজিও অগপৰ দুৰ্গ হৈ আছে।অগপ দল জন্ম হোৱাৰ পৰাই একেৰাহে ৩৫ বছৰ অগপৰ দখলত থকা বঢ়মপুৰ সমষ্টিৰ পৰাই দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত।বিগত নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থতাৰ বাবে আসনখন বিজেপিক এৰি দিয়া হৈছিল ।” এনেদৰেই এতিয়া সমষ্টিক লৈ চলি আছে সংঘাত।