সোণোৱালী পথাৰলৈ ঘূৰি আহিছে প্ৰাণচঞ্চল্য।
শাওণমহীয়া পথাৰত কপালৰ ঘাম মাটিত পেলাই সপোন ৰচা সোণগুটি এতিয়া ঘৰলৈ নিয়াৰ সময়।অযুত সপোনৰ আশা প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ। পকা ধানে ভৰি পৰা পথাৰত দাৱনীয়ে হাতৰ কাঁচিত মুঠি বান্ধিছে আই-পিতাইৰ সপোন।আঘোণৰ নিয়ৰসিক্ত সোণোৱালী পথাৰত প্ৰখৰ ৰ’দকো নেওচি সোণগুটি চপোৱাত সীমাহীন ব্যস্ততা ঢকুৱাখনা কৃষক। কৃষিসৰ্বস্ব ঢকুৱাখনাৰ পথাৰে পথাৰে এতিয়া উৎসাহৰ ধল।দাৱনীৰ মন পৰশা হাঁহিৰ জোৱাৰে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে পথাৰসমূহত।প্ৰখৰ ৰ’দকো নেওচি পুৱাৰ পৰা গধূলিলৈ কৃষক দাৱনী ব্যস্ত হৈ পৰিছে ধান কটাত।নাই কোনো ভাগৰ,নাই মনৰ দুখ।আছে কেৱল প্ৰাপ্তিৰ আনন্দ,সন্তুষ্টিৰ হাঁহি। শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাজিছে ঠৰ। আনন্দ-উল্লাহৰ মাজেৰে দুপৰীয়া কলপাতত নিমখ-জলকীয়াৰে পথাৰৰ মাজত আলিত বহি খাইছে ৰৱাব টেঙা। মহিলাসকলেও বিহুগীত গাই আনন্দ-স্ফূৰ্তিৰে আতঁৰাইছে শাওনৰ ভাগৰ। দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক। হেঁপাহৰ পথাৰখনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ। লখিমীক চপাই আনন্দে নধৰে কৃষকৰ হিয়া। নহ’বই বা কিয়? আঘোণৰ পথাৰেই যে চহা জীৱনৰ ভৱিষ্যতৰ সপোন,জীয়াই থকাৰ সম্বল।