ডিজিটেল ডেস্কঃ পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ। ভাৰতীয় ৰে’লৱেই গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। এতিয়াৰে পৰা ৰে’ল ষ্টেচনৰ ৱেটিং ৰূমত বহি ৰে’ল অহালৈ অপেক্ষা কৰিলেও দিব লাগিব টকা। প্ৰতি ঘণ্টাত ৩০ টকাকৈ আদায় দিব লাগিব ৰে’ল যাত্ৰীয়ে।
খবৰ অনুসৰি অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় ৰে’লৱেৰ এই নতুন নিয়ম। আনহাতে প্ৰস্ৰাৱ কৰোঁতেও যাত্ৰীসকলে দিব লাগিব ১২ শতাংশ জিএছটি। ষ্টেচনত প্ৰস্ৰাৱ ঘৰ ব্যৱহাৰ কৰাৰ বাবদ আদায় দিব লাগিব ১০০ টকা আৰু ১২ শতাংশ জিএছটি ।