পুনৰ ১২ লাখ ৬০ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি

Share

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে এক সুখবৰ। পুনৰ প্ৰতিটো সমষ্টিৰ পৰা ১০ হাজাৰকৈ মুঠ ১২ লাখ ৬০ হাজাৰ নতুন হিতাধিকাৰীক দিয়া হ’ব  অৰুণোদয় আঁচনিৰ সুবিধা । এই সিদ্ধান্ত কেবিনেট বৈঠকত লোৱা হৈছে বুলি সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এইবাৰ  এই আঁচনিখন অৰুণোদয় ৩ বুলি নামাকৰণ কৰা হ’ব আৰু অহা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই আঁচনিখনৰ প্ৰক্ৰিয়া। তাৰোপৰি ১  ফেব্ৰুৱাৰীৰ পৰা হিতাধিকাৰীসকলে লাভ কৰিব এই নতুন অৰুণাদয় ৩ আঁচনিখনৰ সুবিধা । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,এইবাৰ এই আঁচনিখনত নতুন  হিতাধিকাৰীৰ লগতে অৰুণোদয় ২ত অন্তৰ্ভূক্ত হিতাধিকাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ’ব । ইয়াৰ বাবে নতুন আৰু পূৰ্বৰ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন । যদিহে পূৰ্বৰ হিতাধিকৰী পৰিয়ালৰ কোনো সদস্য চৰকাৰী কৰ্মচাৰী হয় বা যান- বাহন থাকে তেতিয়া এই আচঁনিৰ পৰা বঞ্চিত হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ । ইয়াৰ উপৰিও এইবাৰ অৰুণাদয় ৩ আঁচনিৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক  ।

Leave a Reply

Your email address will not be published. Required fields are marked *