বহু অপেক্ষা আৰু বাক-বিতণ্ডাৰ অন্তত শান্তিপূৰ্ণভৈৱে অনুষ্ঠিত হৈ গ’ল পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব জয় লাভৰ পাছতেই এতিয়া বিজেপি কেৱল এটাই লক্ষ্য বড়োভূমি নিৰ্বাচন। যাক লৈ এতিয়া তৎপৰ সমূহ বিজেপিৰ নেতৃবৃন্দ। বি টি আৰৰ নিৰ্বাচনত জয়ী হ’বৰ বাবে ৰচনা কৰা হৈছে ন ন ৰণ নীতি। বৃহস্পতিবাৰে বশিষ্ঠ স্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ বৈঠক। এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেইবাগৰাকীও বিজেপি নেতৃত্ব। এই বৈঠকত আনাগত বি টি আৰৰ নিৰ্বাচন সন্দৰ্ভত কেতবোৰ বিষয়ত আলোচনা হয়।