পেহেলগাম ঘটনাক লৈ মেচৰ পিছতে সৰৱ অধিনায়ক সূৰ্য কুমাৰ যাদৱ

Share

ভাৰত পাকিস্তানৰ মেচক লৈ ভাৰতত চলি থকা এলানি বিতৰ্কৰ মাজতে দেওবাৰে অনুষ্ঠিত হয় এচিয়া কাপ ২০২৫। বহু লোকে বৰ্জন কৰা খেলখনত পাকিস্তানক ৭ উইকেটত ধৰাসায়ী কৰে ভাৰতীয় টীমটোৱে। মেচৰ পিছতে পেহেলগাম ঘটনাক লৈ সৰৱ হৈ পৰিল ইণ্ডিয়া টীমৰ অধিকনায়ক সূৰ্য কুমাৰ যাদৱ। উক্ত খেলখনত দমনীয় প্ৰদৰ্শন অক্ষুণ্ণ ৰাখি ভাৰতে পাকিস্তানক প্ৰায় বিধ্বস্ত কৰি তোলে।

পেহেলগাম ঘটনা ভাৰতীয়ৰ বুকুৰ পৰা মাৰ নাযাওঁতেই অনুষ্ঠিত হোৱা ২০২৫ৰ এচিয়া কাপৰ এই খেলখনক লৈ বহু ভাৰতীয়ই BCCI ক সমালোচনা কৰা পৰিলক্ষিত হৈছে। আনকি সন্ত্ৰাসবাদৰ এনে বৰ্বৰ আক্ৰমণৰ পাছত পাকিস্তানৰ সৈতে কোনো মেচতে  অংশ ন’ল’বলৈও আহ্বান জনাইছিল ক্ৰীড়া অনুৰাগীয়ে। এনে বহু বাদ-বিবাদৰ মাজতে অনুষ্ঠিত হল এই খেলখন। ভাৰতীয় অনুৰাগীক উৎসাহিত কৰি পাকিস্তাক পৰাস্ত কৰে ৭ উইকেটত।

খেলখনত জয়ী হোৱাৰ পাছত পাকিস্তালী খেলুৱৈ সকলক কৰমৰ্দনৰ পৰাও বিৰত থাকে ভাৰতীয় ক্ৰিকেটাৰৰ দলটো। মেচৰ শেষত অধিনায়ক গৰাকীয়ে কয় “এয়া এক সঠিক সুযোগ। আমি পহলগাম আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ সৈতে ঠিয় দিছোঁ। আশা কৰোঁ তেওঁলোকে আমাৰ সকলোকে অনুপ্ৰাণিত কৰি যাব আৰু যেতিয়াই আমি তেওঁলোকক হাঁহিবলৈ সুযোগ দিয়াৰ অৱকাশ পাম, আমি তেওঁলোকক গ্ৰাউণ্ড লেবেলত অধিক সুযোগ দিম।” পেহেলগাম আক্ৰমণৰ পাছত প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিছিল দুয়োটা দল। আনকি পাকিস্তানী অধিনায়ক বাঘাৰ সৈতেও কৰমৰ্দনৰ পৰা বিৰত আছিল ভাৰতীয় অধিনায়ক সূৰ্য কুমাৰ যাদৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *