ক’ভিড-১৯ মহামাৰীৰ শংকা সম্পূৰ্ণ আঁতৰি নাযাওঁতেই এইবাৰ আফ্ৰিকাৰ দেশত মাৰবাৰ্গ ভাইৰাছৰ আৱিৰ্ভাৱ ঘটিছে।মধ্য আফ্ৰিকান দেশ ইকুৱেটৰিয়েল গিনিত ইতিমধ্যে মাৰবাৰ্গ ভাইৰাচৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।এই ভাইৰাছত আক্ৰান্ত হৈ ৯জন লোকৰ মৃত্যু হয় আৰু ২০০তকৈ অধিক লোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে।
মাৰবাৰ্গ ভাইৰাছ অতি সংক্ৰমণশীল।বিশ্ব স্বাস্থ্য সংস্থা মতে,মাৰবাৰ্গ ভাইৰাছ ই’বলা ভাইৰাছৰ সৈতে সম্পৰ্কিত।ইকুৱেটৰিয়েল গিনিৰ লগতে আফ্ৰিকান দেশ এংগোলা,কেনিয়া,দক্ষিণ আফ্ৰিকা আৰু ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোতো এই ভাইৰাছটোত আক্ৰান্ত লোকৰ তথ্য পোহৰলৈ আহিছে।এই ভাইৰাছত আক্ৰান্তৰ মৃত্যুৰ হাৰ ৮৮ শতাংশ।সংক্ৰমিত লোকে ব্যৱহাৰ কৰা সামগ্ৰীৰ উপৰি লোকজনৰ শৰীৰৰ চৰ্দি-কাহৰ পৰাও আন ব্যক্তিলৈ এই ভাইৰাছটো বিয়পে।এই ভাইৰাছত আক্ৰান্ত হোৱা লোকে অতিমাত্ৰা জ্বৰত ভোগাৰ লগতে গুৰুতৰ মূৰৰ বিষত ভোগে।
এই ভাইৰাছটোত আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে কোনোধৰণৰ চিকিৎসা ব্যৱস্থাৰ কোনো ভেকচিন নাই।ইকুৱেটৰিয়েল গিনিত মাৰবাৰ্গ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী বৈঠক অনুষ্ঠিত কৰি এই সন্দৰ্ভত বিশ্বৰ সকলো দেশক সজাগ আৰু সচেতন হোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে।