২১ বছৰ পিছত মিচেছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন ভাৰতীয় সুন্দৰীৰ

Share

আন্ত:ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত পুনৰ জয়লাভ ভাৰতীয় প্ৰতিযোগীৰ। লাছ ভেগাছত আয়োজিত এক গালা ইভেণ্টত ভাৰতৰ সৰগম কৌশলক মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হয়। সুদীৰ্ঘ ২১ টা বছৰৰ অন্তত সৰগম কোশলে পৰম গৌৰৱৰে মুকুটটো স্বদেশলৈ ঘূৰাই আনিলে। তাকে লৈ দেশবাসীৰ মাজত আনন্দৰ ঢৌ পৰিলক্ষিত হৈছে।

৬৩খনতকৈও অধিক দেশৰ অংশ গ্ৰহণকাৰীৰ সৈতে সৰগম কৌশলৰ জয় সঁচাকৈয়ে সন্মানীয় আৰু আনন্দৰ কাৰণ। সৰগম কৌশলে মিচেছ পলিনেছিয়াক পৰাস্ত কৰি খিতাপ দখল কৰে। উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ এই বিউটি কুইনগৰাকীয়ে ভিজাগত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। সৰগম কৌশলৰ স্বামী ভাৰতীয় নৌসেনাত কাম কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *