আফগানিস্তানৰ সেনা আৰু তালিবানৰ সংঘৰ্ষৰ লৈছে ভয়াবহ ৰূপ

Share

যুক্তা ৰাণী দাস

৪ আগষ্ট : আফগানিস্তানত পুনৰ যুদ্ধৰ সৃষ্টিয়ে লৈছে ভয়াবহ ৰূপ । আফগানিস্তানৰ সেনা আৰু তালিবানৰ মাজত ৩ দিন ধৰি অব্যাহত হৈ আছে এক ভয়ানক সংঘৰ্ষ । বিগত ২৪ ঘন্টাত নিহত হৈছে ইছলামী সন্ত্ৰাসবাদী সংগঠন তালিবানীৰ ৩৭৫ উগ্ৰপন্থী সদস্য আৰু ৪০ গৰাকী সাধাৰণ লোকৰ মৃত্যু ঘটিছে । কেইসপ্তাহমানৰ পৰাই তালিবান সন্ত্ৰাসবাদীয়ে দখল কৰিছে আফগানিস্তানৰ কেইবাখনো জিলা । বৰ্তমানে আফগানিস্তানৰ ২২৩ খন জিলাতে তালিবানে নিজৰ আধিপত্য স্থাপন কৰিছে । জিলা কেইখনৰ পৰা তালিবানৰ আধিপত্য উদঘাট কৰিবলৈ আফগানিস্তানৰ সেনাই কৰিছে ব্যাপক অভিযান । এই সেনাই চলোৱা অভিযানত নিহত হৈছে ৩৭৫ জন তালিবানী উগ্ৰপন্থী আৰু আহত হৈছে ১৯৩ জন উগ্ৰপন্থী । আনহাতে আফগানিস্তানৰ লস্কৰগাহত সংঘৰ্ষই লৈছে ভয়াবহ ৰূপ । মংগলবাৰে এক বোমা আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী বিছমিল্লাহ খান মহম্মদীৰ । উল্লেখ্য যে ৪০ গৰাকী সাধাৰণ লোকৰ মৃত্যু হোৱাৰ উপৰিও আহত হৈছে ১০০ জনৰো অধিক লোক ।

Leave a Reply

Your email address will not be published. Required fields are marked *