মহিলাসকলক চাকৰিত যোগদানৰ বাবে আহ্বানঃ টিভিত বাতৰি পৰিবেশনতো নাই বাধা

Share

সুপ্রিয়া তৰফদাৰ

আফগানিস্তা,১৭ আগষ্ট : তালিবানে মঙ্গলবাৰে আফগানিস্তাত সকলোৰে জনসাধাৰণৰ বাবে ‘সাধাৰণ ক্ষমা’ ঘোষণা কৰিছে।এজন তালিবান বিষয়াই আফগানিস্তানৰ জনসাধাৰণৰবাবে সাধাৰণ ক্ষমা ঘোষণা কৰাৰ লগতে মহিলাসকলক চাকৰিত যোগদান কৰিবলৈ আহ্বান জনাইছে।

ইছলামিক আমিৰাত সংস্কৃতি আয়ুক্তৰ সদস্য এনামুল্লা চামংগনীয়ে মঙ্লবাৰে আফগান চৰকাৰী টিভিট এই মন্তব্য কৰে। আফগানিস্তানৰ চৰকাৰী টিভি এতিয়া তালিবানৰ নিয়ন্ত্ৰণত আছে। ইছলামিক আমিৰাতে সমহিলাসকলে কষ্ট পোৱাটো নিবিচাৰে বুলিও তেওঁ উল্লেখ কৰিছে।চামংগনীয়ে পুনৰ কৈছে, তালিবানে আফগানিস্তানৰ বাবে ইছলামিক আমিৰাত ব্যৱহাৰ কৰে। চৰকাৰৰ গাঁথনি সম্পূৰ্ণৰূপে পৰিষ্কাৰ নহয়, কিন্তু আমাৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত কৰি ইয়াত সম্পূৰ্ণ ইছলামিক নেতৃত্ব থাকিব লাগে আৰু সকলো পক্ষ জড়িত হ’ব লাগে।

ইয়াৰ উপৰিও তালিবানৰ ফালৰ পৰা কোৱা হৈছে টিবি চেনেলত মহিলাই বাতৰি পৰিবেশন কৰাকলৈয়ো আপত্তি নাই। আনহাতে দেশখনৰ নাগৰিককো তালিবানে নিজৰ নিজৰ কৰ্মস্থলীলৈ আহিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *