ADRE পৰীক্ষাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন SOP

Share

কাইলৈ অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষা । পৰীক্ষাৰ লৈ সাজু পৰীক্ষাৰ্থী সাজু পৰীক্ষা কেন্দ্ৰ । পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ১.৩০ৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হব পৰীক্ষা । পৰীক্ষাক লৈ নতুন SOP  জাৰি কৰিছে ৰাজ্য চৰকাৰে । পৰীক্ষাৰ ডেৰ ঘন্টাৰ পূৰ্বে উপস্থিত হব লাগিব কেন্দ্ৰত । পৰীক্ষা আৰম্ভৰ পিছত প্ৰৱেশ কৰিব নোৱাৰিব । এডমিট কাৰ্ড পৰিচয় পত্ৰ থাকিলেহে প্ৰৱশেৰ অনুমতি দিয়া হব । লেবেল নখকা স্বচ্ছ পানীৰ বটল লগত নিব পাৰিব । হাফ চাৰ্ট চেণ্ডেল পিন্ধি পৰীক্ষা কেন্দ্ৰলৈ যাব পাৰিব । পৰীক্ষাৰ্থী সুবিধাৰ বাবে শনিবাৰে ৬ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *