পথ সুৰক্ষাৰ বাবে অধিক কঠোৰ হৈছে প্ৰশাসন

Share

নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।তাৰ লগতে আহি আছে আমাৰ বাপতি সাহোন মাঘবিহুটি। নতুন বছৰ বুলিলেই পিকনিক,পাৰ্টী আৰু মাঘৰ বিহু বুলিলেই উৰুকাৰ ভোজ ভাত,মেজি জলোৱা আদিয়েই মনলৈ আহে। মুঠতে নতুন বছৰেই হওক বা মাঘ বিহু এই দুয়োটা সময়তে সকলোৰে আনন্দৰ সীমা নাথাকে। কিন্ত এই আনন্দৰ সময়ছোৱাত ৰাজ্যত বৃদ্ধি পায়

প্ৰতিদিনে ৰাজ্যত বিভিন্ন দুৰ্ঘটনা সংঘটিত হয়। পথ সুৰক্ষাৰ বাবে আৰক্ষী কঠোৰ হৈছে যদিও ৰোধ কৰিব পৰা নাই। বিশেষকৈ উৎসৱ পাৰ্বনৰ সময়ত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়। সেইবাবে পথ সুৰক্ষাক লৈ অধিক কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠক অনুষ্ঠিত কৰে। ড০ শৰ্মাই কয় যে পূৰ্বতকৈ অসমত দুৰ্ঘটনা কম হৈছে যদিও উৎসৱ পাৰ্বনৰ সময়ত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়।সেইবাবেই  পথ সুৰক্ষাক লৈ অধিক কঠোৰ থাকিব প্ৰশাসন।১৫ জানুৱাৰী পৰ্যন্ত নিশা ১০ বজাৰ পাছত আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী গৰাকীৰ।নিশা সুৰাপান কৰি গাড়ী চলোৱা সকলকৰ  বাবে বয়োজেষ্ঠসকলে ৰাতি গাড়ী চলাবলৈ ভয় কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে লবলৈ আহ্বান ড০ শৰ্মাৰ।ইয়াৰ উপৰিও নিশা ৯ বজাৰ পিছত ট্ৰাক বা পথ দুৰ্ঘটনা কৰিব নকৰিবলৈ কয়। এই ক্ষেত্ৰত জীলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক চকু দিবলৈ আহ্বান জনাই। 

Leave a Reply

Your email address will not be published. Required fields are marked *