মাত্ৰ ৪২ বছৰ বয়সতে বিদায় মাগিলে অভিনেত্ৰী সোণালী ফোগটে

Share
ডিজিটেল ডেস্কঃ বহু কম বয়সতে বিদায় মাগিলে অভিনেত্ৰী তথা বিজেপিৰ নেত্ৰী সোণালী ফোগটে। সোমবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ গোৱাত মৃত্যুবৰণ কৰিলে সোণালী ফোগটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪২ বছৰ। অভিনেত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে তেওঁৰ একাংশ কৰ্মচাৰীৰ সৈতে গোৱালৈ গৈছিল আৰু অস্থিৰতা অনুভব কৰা বাবে হাস্পতাললৈ লৈ যোৱা হৈছিল। 
উল্লেখযোগ্য যে অভিনেত্ৰী গৰাকীয়ে ৰিয়েলিটী শ্বো bigg boss ত অংশগ্ৰহণ কৰিছিল। তাৰ পিছত ২০১৯ চনৰ হাৰিয়ানা নিৰ্বাচনত সোণালীয়ে ফোগটে আদমপুৰৰ পৰা প্ৰতিদন্দ্বিতা কৰিছিল। অভিনেত্ৰী তথা বিজেপি নেত্ৰীগৰাকীৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰে।হাৰিয়ানাৰ মুখ্যমন্ত্ৰী এম এল খট্টৰে টুইটযোগে শোক প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *