ছিংগাপুৰ আৰক্ষীৰ বিবৃতিত জুবিন গাৰ্গৰ মৃত্যুৰ আপৰাধমূলক ষড়যন্ত্ৰক নস্যাৎ

Share
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হ’ল। সমগ্ৰ অসমবাসীয়ে এতিয়া ন্যায়ৰ অপেক্ষাত। সকলোৱে জানিব বিচাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শেষ মুহূর্তত প্ৰকৃততে কি হৈছিল। ইতিমধ্যেই এই মৃত্যুৰ লগত জড়িত ৭ জন অভিযুক্তক চিআইডি গ্ৰেপ্তাৰ কৰি ১৪ দিন সোধা-পোচা কৰাৰ পাছতেই আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই ৭ অভিযুক্ত ক্ৰমে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সস্তীয়া ফেস্টিভ্যাল পাতি বেপাৰ কৰা শ্যামকানু মহন্ত, বকো সম জিলাৰ ডিএচপি তথা জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী,অমৃত প্ৰভা মহন্ত লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। 
উল্লেখযোগ্য যে ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । যোৱা ১৭ অক্টোবৰত এই ৰহস্যজনক মৃত্যুৰ বিবৃতি জাৰি কৰে ছিংগাপুৰ আৰক্ষীয়ে। ছিংগাপুৰৰ এই প্ৰাথমিক পৰ্যায়ৰ তদন্তত জুবিন গাৰ্গৰ মৃত্যুৰ অপৰাধমূলক ষড়যন্ত্ৰক নস্যাৎ কৰিছে। ছিংগাপুৰ আৰক্ষীয়ে কয় যে, জুবিন গাৰ্গৰ মৃত্যু কোনো ষড়যন্ত্র নহয়, এই মৃত্যুকলৈ ভুৱা তথ্য বিয়পিছে। কিন্তু এই ঘটনাৰ বিস্তৃত তদন্ত এতিয়াও ছিংগাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে । এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু ৩ মাহ সময়ৰ প্ৰয়োজন হ’ব আৰু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ হাতত দাখিল কৰা বুলি উল্লেখ কৰে বিবৃতিটোত। এই বিবৃতিটো ছিংগাপুৰ আৰক্ষীৰ ৱেবচাইটত উপলব্ধ। ৩ মাহৰ অন্তত ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হ’ব নে বিফল হ’ব সেয়া সময়ত প্ৰকাশ পাব। 

Leave a Reply

Your email address will not be published. Required fields are marked *