এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি বলাৎকাৰৰ সৰ্বাধিক গোচৰ থকা পাঁচখন ৰাজ্যৰ ভিতৰত পঞ্চম স্থানত অসম

Share
ডিজিটেল ডেস্কঃ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ আৰু ২০২১ চনত দেশত পঞ্জীয়ন হোৱা বলাৎকাৰৰ গোচৰ শীৰ্ষ পাচঁখন ৰাজ্যৰ ভিতৰত অসমৰ নামো সাঙোৰ খাই আছে। অসমত ২০২০ চনত ১,৬৫৭ টা বলাৎকাৰৰ গোচৰ পঞ্জীয়ন হৈছিল আৰু ২০২১ চনত অসমত গোচৰ পঞ্জীয়নৰ সংখ্যা ১,৭৩৩ টালৈ  বৃদ্ধি হয়।
দেশত সেই দুবছৰত ৰাজস্থানত বলাৎকাৰৰ গোচৰৰ সংখ্যা আছিল আটাইতকৈ বেছি। ৰাজস্থানত ২০২০ আৰু ২০২১ চনত বলাৎকাৰৰ গোচৰৰ সংখ্যা আছিল ৫,৩১০ আৰু ৬,৩৩৭ টা। লগতে দ্বিতীয় স্থানত আছে মধ্য প্ৰদেশ। মধ্য প্ৰদেশত ২০২০ চনত ২,৩৩৯ টা আৰু ২০২১ চনত বলাৎকাৰৰ গোচৰ আছিল ২,৯৪৭ টা।  লগতে, এন চি আৰ বিৰ মতে বলাৎকাৰৰ গোচৰ থকা শীৰ্ষ পাচঁখন ৰাজ্য হৈছে ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু অসম

Leave a Reply

Your email address will not be published. Required fields are marked *