ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে এবছুৰ ব্যাপক প্ৰতিবাদ

Share

জনজাতিকৰণ বন্ধ নকৰিলে জংগী আন্দোলন গঢ়ি তুলাৰ হুংকাৰ এবছুৰ। ছয় জনগোষ্ঠীয়ৰ বৃহৎ আন্দোলনৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে গ্ৰহন কৰা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ বিৰোধীতা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। তাৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুতো প্ৰতিবাদি কাৰ্যসূচী হাতত লয় এবছুৱে। ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত চলোৱা আন্দোলনৰ মাজতে চিৰাং সদৰ কাজলগাৱঁত এবছুৰ উদ্যোগত বিভিন্ন জনজাতীয় দল সংগঠনৰ সহযোগেৰে জনজাতিকৰণৰ বিৰুদ্ধে এই জোঁৰ সমদল ৰূপায়ন কৰা হয়। সমদলত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰাৰ ধ্বনিৰে আকাশ বতাহ কপাই তোলে প্ৰতিবাদীসকলে।

জনজাতিৰ অধিকাৰ আৰু পৰিচয় সুনিশ্চিত কৰাৰ স্বাৰ্থত লোৱা পদক্ষেপসমূহ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে সংগঠন কৰ্মীসকলৰ। ইমানৰ পাছতো জনজাতিকৰণ বন্ধ নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে নিখিল বৰো ছাত্ৰ সন্থাৰ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে।

বসুমতাৰীয়ে কয়, এই কাৰ্যসূচী তেওঁলোকে গ্ৰহন কৰাৰ কাৰণ হৈছে অসম চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰাৰ বাবে কেবিনেটত যি সিদ্ধান্ত লৈছে আৰু বিধানসভাত অনুমোদন দিয়াৰ যি প্ৰক্ৰিয়া হাতত লৈছে। সেই সিদ্ধান্তই তেওঁলেকৰ যে ক্ষতি সাধন কৰিব। অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে। চৰকাৰে পূৰ্বৰ জনজাতিসকলক বঞ্চিত কৰি নতুনকৈ কাৰোবাক জনজাতিৰ মৰ্যাদা দিয়াটো কোনো গণতান্ত্ৰিক দেশত গ্ৰহণযোগ্য নহয় বুলিও উল্লেখ কৰে খনিন্দ্ৰ বসুমতাৰীয়ে। অৱশেষত উক্ত প্ৰতিবাদী সমদলকাৰীসকলে কোকৰাঝাৰ চহৰৰ দৈমালু ৰোড হৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এই কাৰ্যসূচীৰ সামৰণি পেলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *